শিৱসাগৰৰ দিখৌ নদীত উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ ৰাইজৰ

 06/12/2020 - 14:13

 

শিৱসাগৰঃ শিৱসাগৰ নগৰৰ দিখৌ নদীত উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ। দিখৌ নদীত উটি গৈছে পুৰুষৰ মৃতদেহ। ভটিয়নি দিশৰ পৰা উটি অহা মৃতদেহটো প্ৰথম মেটেঙা বাঁহৰ দলঙৰ তলত পুৱা প্ৰত্যক্ষ কৰে ৰাইজে। দলঙত লাগি কিছু সময় ৰৈ থকাৰ পাছত পুনৰ উটি যাব ধৰে নগৰৰ পকা দলঙৰ দিশে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰৰ চেষ্টা কৰিছে। নীলা জীনছ পৰিহিত দেহটোত আঘাতৰ চিন পৰিলক্ষিত হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিলে হয়তো জানিব পৰা হ’ব পৰিচয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।