চিৰাঙত এজন ছাত্ৰৰ দেহত ক'ভিড-১৯ পজিটিভ

 06/13/2020 - 13:50
 
বিজনীঃ চিৰাং জিলাত আজি নতুনকৈ এজন ১৫ বছৰীয়া ছাত্ৰ কভিড-১৯ ৰোগত আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্য সেৱা বিভাগৰ পৰা জানিবলৈ দিছে| চিৰাং জিলাৰ বিজনী মহকুমাৰ বল্লামগুৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ কুকলং এলেকাৰ দংশিয়াপাৰা গাঁৱৰ নাছিৰ হুছেইন নামৰ ১৫ বছৰীয়া পুৰণি ছাত্ৰজন মাদ্ৰাছাত মহাৰাষ্ট্ৰত অধ্যয়ন কৰিব গৈছিল| ছাত্ৰজন সমনীয়াৰ লগত পোনে পোনে বৰপেটা জিলা লৈ যোৱাৰ পাছত চেঙা চি এইছ চি ৰ পৰা অধীনৰ চিকিৎসকৰ দলে নমুনা সংগ্ৰহ কৰে|
 
প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ পাছত কালি দংশিয়াপাৰা ঘৰলৈ উভতি অহাৰ পাছত আজি ছাত্ৰজনৰ দেহত কভিড-১৯ পজিটিভ পোৱাত চিৰাং স্বাস্থ্য বিভাগৰ পৰা ছাত্ৰ জনক কাজলগাঁও জে এছ বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়| জিলাখনত এতিয়ালৈকে ১৪ জনলৈ বৃদ্ধি পালে কৰ'না ৰোগীৰ সংখ্যা|
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।