লংকাৰ ভালুকমাৰী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১

 06/14/2020 - 14:00
 
 
লংকাঃ লংকাৰ ভালুকমাৰী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। কোৱাৰেনণ্টাইন চেণ্টাৰলৈ লোক কঢ়িয়াই নিয়া তীব্ৰবেগী ultra bus ৰ খুণ্ডাত থিতাতে নিহত এগৰাকী মহিলা। মহিলা গৰাকীৰ বয়স অনুমানিক ৭০ বছৰ। নিহত মহিলা গৰাকীৰ নাম সুৰদনী দাস। প্ৰাত ভ্ৰমন কৰি পথ অতিক্ৰম কৰিব লওতেই সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ultra bus খনে লামডিং ৰে’ল ষ্টেচন পৰা ডিফু কোৱাৰেনণ্টাইন চেণ্টাৰৰ পৰা লোক কঢ়িয়াই লৈ গৈ আছিল। দুৰ্ঘটনা সংঘটিত কৰা ultra bus খনৰ নম্বৰ AS-09AC-2498। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।