এদিনীয়া ক্রিকেট এৰাৰ সিদ্ধান্ত ইমৰান তাহিৰৰ

 03/06/2019 - 18:31

ডিজিটেল ডেস্কঃ ইংলেণ্ডত হ'বলগীয়া বিশ্বকাপ ক্রিকেটৰ পিছতেই এদিনীয়া ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব দক্ষিণ আফ্রিকাৰ প্রবীণ লেগ স্পীনাৰ ইমৰান তাহিৰে। খেলুৱৈগৰাকীয়ে এই কথা উল্লেখ কৰি কয় যে এদিনীয়া ক্রিকেট এৰিলেও তেওঁ দেশখনৰ হৈ টি-২০ ক্রিকেট খেলি যাব বিচাৰে।

এই মাহৰ শেষৰফালে ৪০ বছৰত ভৰি দিবলগীয়া লেগ স্পীনাৰগৰাকীয়ে দেওবাৰে শ্রীলংকাৰে খেলা প্রথমখন এদিনীয়া মেচত তিনিটাকৈ উইকেট দখল কৰি দক্ষিণ আফ্রিকাৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লৈছিল। সীমিত অভাৰৰ বিশ্বকাপখন অহা ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ'ব মন কৰিবলগীয়া যে ২০১৪ আৰু ২০১৬ চনত টি-২০ বিশ্বকাপত দক্ষিণ আফ্রিকাক প্রতিনিধিত্ব কৰা প্রবীণ লেগ স্পীনাৰগৰাকীয়ে এতিয়ালৈকে ৯৫খন এদিনীয়াত দেশখনক প্রতিনিধিত্ব কৰি ১৫৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।