বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে গোচৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

 06/16/2020 - 13:29

 

জুৰীয়াঃ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে গোচৰ। বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। এই অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আৰু তাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকে জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।