বেংকৰ ঋণ ৰেহাই সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ

 06/16/2020 - 15:10

গুৱাহাটীঃ বেংকৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহুকেইটা ভুৱা ভিডিঅ’ আৰু পোষ্ট ইতিমধ্যে প্ৰচাৰ হৈ আহিছে৷ কিন্তু ঋণ ৰেহাই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা এই বাতৰিসমূহৰ কোনো সত্যতা নাই বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ প্ৰকৃততে চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশনা অনুসৰি বেংকৰ গ্ৰাহকক কিছু সাময়িক স্থগিতাদেশহে জাৰি কৰিছে, অৰ্থাৎ ঋণ দিয়াৰ ক্ষেত্ৰত কেৱল ঋণৰ কিস্তি পৰিশোধ কৰাতহে স্থগিতাদেশ ৰাখিছে কৰ্তৃপক্ষই৷ কিন্তু ইয়াৰ অৰ্থ ঋণ ৰেহাই নহয়৷ সাময়িকভাৱে স্থগিত ৰখা মাহকেইটাত সুদ বাকী থকা ঋণৰ পৰিমাণত সঞ্চিত সুদ ৰূপত অব্যাহত থাকিব৷ গ্ৰাহকে বাকী থকা ঋণৰ কিস্তিত নিয়মিত সুদৰ লগতে সঞ্চিত সুদ পৰিশোধ কৰিব লাগিব৷

 

তদুপৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ লগতে ক্ষুদ্ৰ ঋণৰ সাময়িক স্থগিতাদেশৰ ক্ষেত্ৰত বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানেও ইতিমধ্যে ঘোষণা কৰিছে৷ গ্ৰাহকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখিহে বেংকে এই সুবিধা প্ৰদান কৰিছে৷ সেয়েহে ঋণ ৰেহাইৰ দৰে ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ বেংকে গ্ৰাহকসকলক অনুৰোধ জনায়৷ কিয়নো ঋণৰ কিস্তি মৰেহাই দিয়া বুলি ভাবি গ্ৰাহকে ঋণ পৰিশোধ নকৰাকৈ থাকিলে পাছলৈ অধিক সুদ পৰিশোধ কৰাৰ লগতে গ্ৰাহকৰ ক্ৰেডিট স্ক্ৰ’ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰা সম্ভাৱনা থাকে৷ পৰৱৰ্তী সময়ত ঋণ লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ কাৰণ হোৱাৰ এইটোও এটা কাৰক হ"ব পাৰে৷ গতিকে ভুৱা বাতৰিৰ পৰা সাৱধানে থাকি ঋণ পৰিশোধৰ সাময়িক স্থগিতাদেশৰ সুবিধা লোৱাৰ লগতে সঠিক সময়ত সুবিধা অনুসৰি ঋণ পৰিশোধ কৰি বেংকৰ সৈতে সহযোগিতাৰ আশা কৰিছে বেংক কৰ্তৃপক্ষই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।