ধুবুৰীৰ সংলগ্ন বিটিছিৰ পৰ্ব্বতঝোৰাত চোৰাং কাঠ জব্দ

 07/04/2020 - 18:47

 


ধুবুৰীঃ বিটিছিৰ পৰ্ব্বতঝোৰা বনপ্ৰাধিকৰনৰ খোৰাঘাট আঞ্চলিক বন কাৰ্য্যালয়ৰ বৃহৎ সফলতা৷ পাঁচখন ঘোৰাঁৰ গাড়ী আৰু এখন বলেৰো পিকআপ ভেন সহ মূল্যৱান শাল, চেগুন কাঠৰ কুণ্ডাৰ লগতে চোৰাংকাৰবাৰীয়ে জংঘলত পৰিতক্তভাবে লুকাই ৰখা বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা বন কৰ্মীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত কাঠৰ মূল্য আনুমানিক তিনিলাখ টকা হ'ব৷ যোৱানিশা খোৰাঘাট আঞ্চলিক বন কাৰ্য্যালয়ৰ বন বিষয়া উত্তমা নন্দন গোস্বামীৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে এক গোপ সূত্রৰ পমখেদি ভালুকঝোৰাৰ ঘন জংগলত আতৰ্কিতে অভিযান চলা অৱস্থাত চোৰাং কাৰবাৰীয়ে বৃহৎ পৰিমানৰ শালকাঠৰ কুণ্ডা সমূহপৰিতক্ত অৱস্হাত পেলাই থৈ পলাই পত্রং দিয়ে৷ পিছত বনকৰ্মীৰ দলটোৱে শাল কাঠৰ কুণ্ডা সমূহ ট্ৰাকটৰে বন প্ৰাধিকৰনৰ কাৰ্য্যালয়লৈ আনে৷ যোৱা কেইদিনে মাক্ৰিঝোৰা, ভালুকঝোৰা, আৰু বিভিন্ন ঘন জংগলৰ পৰা পাঁচ খনকৈ ঘোৰাঁৰ গাড়ী এখন বলেৰো পিকাপ ভেন সহ বৃহৎ পৰিমানৰ শাল, চেগুুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে৷ বন কৰ্মীৰ দলে কোনো ধৰনৰ হা-হাঠীয়াৰ নথকা সত্বেও নিজৰ জীৱন উৰ্ছগা কৰি দিনে-নিশাই কৰ্ত্তৱ্য পালন কৰা সত্বেও কিছুমান দুষ্ট চক্ৰে  বন বিভাগটোৰ নামত কিছমান ভুৱা অপপ্ৰচাৰ চলোৱা ঘটনাটোৱে বন বিভাগৰ দৃষ্টি গোচৰ হৈছে৷ গতিকে দুষ্ট চক্ৰটোক বন কৰ্মীসকলে সকীয়াই দিয়ে যাতে বন বিভাগটোৰ নামত মিছা অভিযোগ নকৰে  চাওঁক বন কৰ্মীয়ে কেনেদৰে মন্তৱ্য প্ৰকাশ কৰিলে৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।