বিশ্বনাথত ফেভাৰ ব্লক ইটাৰ উদ্যোগত অগ্নি সংযোগ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

 07/05/2020 - 14:19


বিশ্বনাথঃ ফেভাৰ ব্লক ইটাৰ উদ্যোগত অগ্নি সংযোগ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথ চাৰিআলিত। বিশ্বনাথৰ গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ বিশ্বৰঞ্জন বৰা নামৰ এটা বিশেষ ৰাজনৈতিক দলৰ ক্ষমতাশালী ব্যক্তিয়ে বিশ্বনাথ চাৰিআলিৰ ফেভাৰ ব্লক ইটা উদ্যোগৰ স্বত্বাধিকাৰী হৰি সিঙক বিশ্বৰঞ্জন বৰা নামৰ ব্যক্তিজনে ২০ জনীয়া গুণ্ডাবাহিনীৰ সৈতে চিনেমাৰ কাইদাৰে হৰি সিঙে থকা ভাড়াঘৰ ঘেৰাও কৰি বাহিৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি ভাড়াঘৰটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ তুলিছে প্ৰত্যক্ষ দৰ্শীয়ে। কৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনতে জাৰি কৰিছে সান্ধ্য আইন। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সমগ্ৰ জিলাখনতে বাহাল থাকিব সান্ধ্য আইন।

জিলা দণ্ডাধীশৰ এই সান্ধ্য আইনক বুঢ়া আঙুলি দেখুৱাই বিশ্বৰঞ্জন বৰা এণ্ড গুণ্ডাবাহিনীৰ দলটোৱে নিশা ১০ বজাত হৰি সিঙে থকা ভাড়াঘৰটো ঘেৰাও কৰাৰ অধিকাৰ কত পালে বুলিও  অভিযোগ তুলিছে ভাড়াঘৰৰ মালিকে। ইয়াৰোপৰি বিশ্বৰঞ্জন বৰা এণ্ড গুণ্ডাবাহিনীৰ দলটোৱে হৰি সিং বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত সমগ্ৰ বিষয়টো অৱগত কৰাৰ বাবে এজাহাৰ দাখিল কৰি উভতাৰ পথত বাটত আগচি ধৰি উপৰ্জুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ইফালে দয়োপক্ষই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বিশ্বৰঞ্জন বৰাৰ এজাহাৰৰ ভিত্তিত হৰি সিঙক সদৰ আৰক্ষীয়ে সোধ-পোচৰ বাবে থানালৈ মাতি নিছে যদিও এতিয়ালৈকে হৰি সিঙে দাখিল কৰা এজাহাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এইক্ষেত্ৰত বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ গতিত তদন্ত আৰম্ভ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।