বৰপেটাত বান সাহায্য বিতৰণ সমাজকৰ্মী উত্তম কুমাৰ ঘোষৰ

 07/05/2020 - 17:03

 

বৰপেটাঃ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বলীয়া বানপানীয়ে ত্ৰাস সৃষ্টি কৰাৰ সময়তেই একাংশ বান শিবিৰত দেখা দিছে খাদ্য সংকট। এই খাদ্য সংকটৰ পৰা পৰিত্ৰাণ দিবলৈ বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী উত্তম কুমাৰ ঘোষে দেওবাৰে বৰপেটা ধানবান্ধা অঞ্চলৰ বান শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰে।

সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে তেওঁ এই খাদ্য-সামগ্ৰীসমূহ বিতৰণ কৰে। বান সাহাৰ্য্যত তেওঁ চাউল, দালি, আলু, পিয়াজ, মিঠাতেল, চিৰা, বিস্কুট আদি বিতৰণ কৰে। এই বান সাহাৰ্য্য প্ৰদানত তেখেতক সহায় কৰে ভৱানীপুৰ ব্লকৰ সংখ্যালঘু বিভাগৰ সভাপতি আব্দুছ ছালাম, কংগ্ৰেছ কৰ্মী আব্দুল শ্বৰিফ, প্ৰদীপ চৌধুৰী, আমিনুল ইছলাম আৰু মনজিৎ কুমাৰ ঘোষে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।