বাৰাংহাটীৰ বিকলাংগ যুৱক বিনয় কলিতাক হুইল-চেয়াৰ অৰ্পণ কংগ্ৰেছ নেতা বাপুকণ আলিৰ

 07/05/2020 - 19:02

 


বাহাৰঘাটঃ যোৱা চাৰি জুলাইত এজন ত্ৰিশ বছৰীয়া যুৱকৰ কৰুণ গাঁথা একাংশ সংবাদ মাধ্যম যোগে সবিস্তাৰে প্ৰকাশ হৈছিল। কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰাংহাটীৰ বিনয়ে পংগুত্বক মহা সমল হিচাবে লৈ দীৰ্ঘবছৰ ধৰি দুৰ্বিষহ জীৱন কটাইছে৷ এডাল লাখুটিৰ সহায়ত যন্ত্ৰণা কাতৰ জীৱন কতাইছে বিনয় কলিতাই৷ নিজৰ পৰিয়ালটোক ভৰন পোষণ দিয়াৰ উদ্দেশ্যে কাম বিচাৰি সুদুৰ হাৰিয়ানালৈ ওলাই গৈ কিবা এক অচিন ৰোগত দুয়োখন ভৰি বিকল হৈ পৰিল। এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে সহায়ৰ বাবে আগবাঢ়ি আহিল অসম প্ৰদেশ কংগ্ৰেছৰ কামৰূপ জিলা সংখ্যালঘু কোষৰ অধ্যক্ষ বাপুকন আলী।

বিনয়ৰ বাসগৃহত উপস্থিত হৈ বাপুকন আলীয়ে এখন হুইল-চেয়াৰ আগবঢ়োৱাৰ লগতে পৰিয়ালটোৰ অবস্থাৰ বুজ লয়। উল্লেখ্য যে বিনয়ৰ পিতৃ সুৰেন কলিতা বিগত বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত আন্দোলন কৰিবলৈ গৈ গুলিবিদ্ধ হৈছিল৷ দুৰ্ভাগ্যজনক কথা যে বৰ্তমান চৰকাৰে নিৰ্যাজিত সকলক দিয়া দুইলাখ টকাৰ পৰাও বঞ্চিত হোৱা বুলি আক্ষেপ কৰে৷ বৰ্তমান এটি জৰাজীৰ্ণ ঘৰত দিন নিয়াইছে দুৰ্ভগীয়া পৰিয়ালটোই৷ সচাকৈয়ে বাপুকণ আলিৰ দৰে কোনোবা হৃদয়বান ওলাই আহিব নে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।