বিধায়ক বলিন চেতিয়াই বানত কঠীয়া নষ্ট হোৱা সকলৰ বাবে কাকপথাৰ বৰাচুকত সিঁচিলে উন্নতমানৰ কঠীয়াৰ বীজ

 07/06/2020 - 18:44

 

কাকপথাৰঃ ৰাজ্যত হৈ যোৱা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, পথাৰৰ ধান খেতিৰ বাবে সিচা কঠীয়া৷ তিনিচুকীয়া জিলাৰ কৃষি প্ৰধান অঞ্চল কাকপথাৰৰ বৰাচুকতো বানপানীয়ে অঞ্চলটোৰ বহুলোকৰ কঠীয়া নষ্ট কৰিছিল৷ তাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ কৃষক ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক গৰাকীয়ে নিজেই পথাৰত নামি কঠীয়াৰ বাবে উন্নতমানৰ ধানৰ বীজ সিঁচে৷

বিধায়ক গৰাকীক সহযোগ কৰে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে৷ ৰাজ্যৰ কৃষি বিভাগৰ যোগেদি উন্নতমানৰ কৰিশ্মা আৰু সীমা নামৰ কঠিয়াৰ বীজ সিঁচি ৰাইজক উপকৃত কৰাৰ চেষ্টা কৰে বিধায়ক বলিন চেতিয়া আৰু তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে৷ কঠিয়াৰ বীজ সিঁচা কাৰ্যসূচীত বিধায়ক আৰু জিলা পৰিষদৰ সভাপতি গৰাকীৰ লগতে জিলাখনৰ কেইবাজনো কৃষি বিষয়া উপস্থিত থাকে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।