মডেল তথা অভিনেত্ৰী ঈশিকা বৰাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ক’ভিড চিকিৎসালয়ৰ সামগ্ৰী

 07/08/2020 - 17:41

                               

 

কামপুৰঃ মডেল তথা অভিনেত্ৰীৰ ঈশিকা বৰাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ক’ভিড চিকিৎসালয়ৰ সামগ্ৰী। উল্লেখযোগ্য যে মডেল গৰাকী ক’ৰণামুক্ত হোৱাৰ পিছত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা ক’ভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক মুকুট বৰাই আৰক্ষী চকীত মডেল শিকা বৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে, ইশিকা বৰা নামৰ ক’ভিড ৰোগী গৰাকীয়ে সুস্থ হৈ উঠাৰ পিছত চিকিৎসালয়ৰ পৰা ৰিলিজৰ সময়ত তেওঁক ব্যৱহাৰৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দিয়া সামগ্ৰীসমূহ জমা দিয়া নাই।

এজাহাৰ দাখিল কৰি চিকিৎসকজনে এই সম্পৰ্কত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে। চিকিৎসকজনৰ অভিযোগৰ পিছত কামপুৰৰ আৰক্ষীয়ে শিকা  বৰাৰ ঘৰৰ পৰা ক’ভিড চিকিৎসালয়ৰ সামগ্ৰী সমূহ উদ্ধাৰ কৰে।  শিকা বৰাই এই ক্ষেত্ৰ মত ব্যক্ত কৰি কয় সামগ্ৰীৰ সমূহ তেওঁ আনিছিল সেই বিষয়ে তেওঁ স্বাস্থ্য বিভাগক অৱগত কৰিছে আৰু এয়া সম্পূৰ্ণ ভিত্তিহীন। ইযাৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে।              

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।