ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ মৰাণ ছাত্ৰ সন্থাৰ

 07/10/2020 - 15:24

 

ডুমডুমাঃ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা, কাকপথাৰ, ফিল'বাৰী আঞ্চলিক সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ লগতে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা ভূমি নিতি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।