বাক্সাৰ খাৰিজা বিজনীৰ ওদালগুৰী গাঁৱত বেঁকী নৈৰ খহনীয়াৰ বুজ ল’বলৈ উপস্থিত ৰাজেশ প্ৰসাদ

 07/13/2020 - 17:14

 

খাৰিজা বিজনীঃ বেঁকী নৈৰ বাঢ়নী পানীয়ে বাক্সাৰ ওদালগুৰী গাঁৱত কালৰূপ ধাৰণ কৰাৰ পিছতে বিটিচি পৰিচালনাৰ দায়িত্বত থকা ৰাজেশ প্ৰসাদে গাঁৱখনত উপস্থিত হৈ ভুক্তভোগী ৰাইজৰ লগত মতবিনিময় কৰে৷ বানাক্ৰান্তৰ বুজ লোৱাত সংগ প্ৰদান কৰা শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে খহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৰাজেশ প্ৰসাদে৷

বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পিছত বানৰ কৱলত পৰা লোকক ৰখা ৰাঙাচাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বানাক্ৰান্তৰ বুজ লয়৷ বানত ক্ষতিগ্ৰস্থ সমূহ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ বাবে বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ দিয়ে বিষয়া গৰাকীয়ে৷ এই পৰিদৰ্শনৰ সময়ত বিষয়াগৰাকীক শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ উপৰিও বাক্সা আৰক্ষী অধিক্ষক, বাক্সা জিলা উপায়ুক্ত আৰু বিভিন্ন বিষয়াই সংগ প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।