হোজাই ডবকাৰ চাংজোৰাই গাঁৱকে ধৰি কেইবাটাও অঞ্চলৰ মাজত হাঁহাকাৰ

 07/15/2020 - 14:42

 

ডবকাঃ হোজাই ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংজোৰাই গাঁৱকে ধৰি কেইবাটাও অঞ্চলৰ মাজত হাঁহাকাৰ। ক'ৰণা আতংকৰ মাজতে ডবকাৰ যমুনামুখৰ চাংজোৰাই, নঞাপাম, ভেলেউগুৰি, চাংমাজি আদি অঞ্চল সমূহৰ ৰাইজে বছৰটোৰ তৃতীয়টো বানৰ কৱলত। হঠাৎ কপিনী নৈৰ বাঢ়নী পানীয়ে ডুবাই পেলালে ২০ খনৰো অধিক অঞ্চল। যাৰফলত বৰ্ন্যট্টই হাঁহাকাৰময় পৰিস্থিতিত ভুগিছে। হঠাৎ কপিনী নৈৰ বাঢ়নী পানীয়ে মানুহৰ ঘৰ-দোৱাৰ, স্কুল-কলেজ পানীৰ তলত ডুবাই পেলোৱাত বাট-পথত চাং সাজি বস-বাস কৰিব লগা হৈছে বৰ্ণ্যট্টই।

এনে পৰিস্থিতিৰ বুজ লবলৈ অহা এটা সাংবাদিকৰ দলৰ কেমেৰাৰ সন্মুখত এগৰাকী আইতাই কান্দিছে। কৰ'ণা আতংকৰ মাজতে বছৰত তৃতীয়টোৰ বানে বিধস্ত কৰিলে কৃষকৰ কৃষি ভুমি ঘৰ-দোৱাৰ আদি। কিন্তু খবৰ লবলৈ অহা নাই অঞ্চলটোৰ স্থানীয় বিধায়ক, নাই চৰকাৰৰ কোনো সাহাৰ্য্য। এই গৰাকী আইতাই চৰকাৰক সহায়ৰ বাবে জনাইছে কাতৰ অনুৰোধ৷ সততে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা স্বাহ্যমন্ত্ৰী হিমন্ত হিম শৰ্মাৰ নাম লৈ ধৰ্ষণৰ বলি হৈ হত্যা হোৱা এগৰাকী অৰ্ণমায় বৰা নামৰ শিক্ষয়েত্ৰীৰ ধৰ্ষণৰ ন্যায় বিচাৰি ঘুৰি-ফুৰা গাঁৱখনৰ মানুহ আজি বানত ককবকাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।