বানপীড়িতক উপযুক্ত সাহায্য প্ৰদানত চৰকাৰ ব্যৰ্থ- (অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ)

 07/15/2020 - 16:07

 

বৰপেটাঃ ৰাজ্যৰ বানপীড়িতক উপযুক্ত সাহায্য প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। এই অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে এই অভিযোগ উত্থাপন কৰাৰ লগতে বানাক্ৰান্তক শীঘ্ৰেই সাহায্য প্ৰদানৰ দাবী জনায়। তেওঁ কয় যে, ৰাজ্যৰ জনসাধাৰণক অসম চৰকাৰে পৰ্যাপ্ত পৰিমাণে ৰেচন, থকা মেলাৰ বা পশুধনৰ খাদ্য সমগ্ৰী যোগান ধৰা হোৱা নাই।

বানপীড়িত লোকক চৰকাৰে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেয়াও আজিলৈ দিয়া হোৱা নাই বুলি উল্লেখ কৰি চৰকাৰে যি নূন্যতম সাহায্য আগবঢ়াইছে সেয়া পোকে ধৰা পচা চাউল-ডালিহে যোগান ধৰিছে। আশ্ৰয় শিবিৰত থকা লোকসকলে যাতে সামাজিক দুৰত্ব বজাই ৰাখি ক’ৰনাৰ পৰা ৰক্ষা পাব পাৰে তাৰ যাবতীয় ব্যৱস্থা কৰিবলৈও চৰকাৰৰ দাবী জনায় নেতা গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।