৫৫ দিনে নিৰ্বাপিত নহ'ল বাঘজানৰ অগ্নিকাণ্ডঃ টিপুক-বাঘজান সংযোগী পথৰ গটং তিনিআলিত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

 07/20/2020 - 15:20

 

ডুমডুমাঃ আজি ৫৫ দিনে নিৰ্বাপিত নহ'ল বাঘজান তৈলখাদত সংঘটিত অগ্নিকাণ্ড। তৈলখাদ অগ্নিকাণ্ডৰ ফলত বাঘজানৰ ৭/৮ কি.মি. ব্যাসাৰ্ধৰ অঞ্চল পৰ্যন্ত সৃষ্টি হৈছে ভূ-কম্পনৰ। যাৰ পৰিপেক্ষিতত বৃহত্বৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ভূ-কম্পনৰ ফলত কণ-কণ শিশু, বৃদ্ধকে ধৰি গৰ্ভৱতী মহিলাসকল শংকিত হৈ পৰিছে। শংকিত গটং গাঁৱবাসীয়ে আজি টিপুক-বাঘজান সংযোগী পথৰ গটং তিনিআলিত পথ অৱৰুধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, ডুমডুমা-বাঘজান সংযোগী পথত থকা এখন দলং কিছুদিন পূৰ্বে খহি পৰিছিল। যাৰবাবে বাঘজান তৈলখাদলৈ অইল ইণ্ডিয়াৰ বাহনসমূহ টিপুক-কৰ্দৈগুৰী-দিয়ামুলী হৈ আহ-যাহ কৰিছিল। এই পথছোৱাও অইল ইণ্ডিয়াৰ বাহনসমূহ চলাচলৰ ফলত নষ্ট হৈছে। শীঘ্ৰেই এই সকলো সমস্যা সমাধানৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.