কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বৃদ্ধি পাইছে কন্টেইনমেন জ'নৰ সংখ্যা

 07/20/2020 - 17:01

 

 

খাৰিজা বিজনীঃ বাক্সাৰ বাৰাপেটা গাঁৱৰ কটিয়াধাৰা ব্লকত এগৰাকী শিশু কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে চুবুৰীটো৷ শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ নিৰ্দেশ মৰ্মে জালাহ ৰাজহ চক্ৰৰ লাট মণ্ডল গাঁওখনত উপস্থিত হৈ কটিয়াধাৰা আৰু আমগুৰী চুবুৰীৰ প্ৰৱেশপথ সমূহ বন্ধ কৰি কন্টেইনমেন্ট জ'ন ঘোষণাৰ বেনাৰ আঁৰি দিয়ে৷ অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সেৱাসমূহ গাঁওখনত প্ৰৱেশ বা প্ৰস্থানত বাধা আৰোপ কৰা হৈছে৷ বিশেষ কাৰণত স্থানীয় লাবদাংগুৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অনুমতি সাপেক্ষেহে যাতায়ত কৰিব পাৰিব বুলি জনায় লাট মণ্ডলগৰাকীয়ে৷ গাঁওবাসীক কৰ'না মহামাৰিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় লাট মণ্ডলগৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।