গোলাঘাটত অখিল গগৈৰ মুক্তিৰ দাবীত অৰ্ধ উলংগ হৈ তীব্ৰ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

 07/21/2020 - 17:22

 

গোলাঘাটঃ কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিয়ক আৰু অনাগত নিৰ্বাচনত অখিল গগৈৰ সৈতে ৰাজনৈতিক প্ৰত্যাহবান গ্ৰহণ কৰক এই হুংকাৰ গোলঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমাৰন্তৰালভাবে গোলাঘাটতো প্ৰতিবাদ অব্যাহত আছে। গোলাঘাটৰ ফৰকাটিংত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ উলংগ হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অতি শীঘ্ৰে কৃষক নেতাগৰাকীৰ লগতে আটাইকেইগৰাকী CAA বিৰোধী নেতাক মুক্তি দিয়াৰ দাবী জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।