বৰপেটাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ বান শিবিৰ পৰিদৰ্শন

 07/21/2020 - 20:02

 

বৰপেটাঃ ক’ৰণা মহামাৰীৰ সমান্তৰালভাৱে বলিয়া বানে ত্ৰাসৰ সৃষ্টি কৰিছে বৰপেটাত। কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা চহৰৰ বান শিবিৰ পৰিদৰ্শন কৰি যোৱাৰ পিছতেই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই বৰপেটাৰ বান শিবিৰ পৰিদৰ্শন কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পোনে পোনে ধানবান্ধা মহাবিদ্যালয়ত স্থাপিত বান শিবিৰৰ বন্যাৰ্ত সকলৰ খবৰ লয় তথা খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ স্কুলত স্থাপন কৰা শিবিৰ পৰিদৰ্শন কৰে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। বান শিবিৰ পৰিদৰ্শন কৰি উঠি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰিপুন বৰাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, এইখন চৰকাৰে জনতাৰ কণ্ঠ ৰোধ কৰি ফেচিষ্ট শাসন চলাই আছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় আজিলৈকে কেন্দ্ৰ চৰকাৰৰ পৰা অসমৰ বান সাহাৰ্য্যৰ সহায় আনিবলৈ সক্ষম হোৱা নাই। সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে। 
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।