ৰহাত ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰহাৰ স্থানীয় যুৱক লক্ষ্য জ্যোতি দাসৰ উদ্যোগত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, SBI ৰ শাখা আৰু ATM, ৰহা পৌৰ সভাৰ কাৰ্যালয়, ডাকঘৰ আদিত কৰে চেনিটাইজ

 07/22/2020 - 14:09

 

ৰহাঃ বানপানীৰ সমান্তৰালকৈ ক’ৰণাৰ আতংক অব্যাহত আছে ৰাজ্যত৷ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা৷ সমান্তৰালকৈ ৰহাতো উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত শেহতীয়াকৈ প্ৰায় ৬৮ জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷

ৰহাত উদ্বেগজনকভাবে ক’ভিড- ১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে বিজেপি দলৰ ৰাজ্যিক SC মৰ্চাৰ সাধাৰণ সম্পাদক তথা ৰহাৰ স্থানীয় যুৱক লক্ষ্য জ্যোতি দাসৰ উদ্যোগত জনসমাগম হোৱা ৰহাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে ৰহাস্থিত SBI ৰ শাখা আৰু ATM, ৰহা পৌৰ সভাৰ কাৰ্যালয় ,ডাকঘৰ আদিত আজি চেনিটাইজ কৰে৷ ৰহাৰ স্থানীয় যুৱক তথাা বিজেপি দলৰ SC মৰ্চাৰ সাধাৰণ সম্পাদক লক্ষ্য জ্যোতি দাসৰ এই পদক্ষেপক শলাগিছে স্থানীয় সচেতন জনসাধাৰণে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।