অখিল গগৈৰ মুক্তিৰ দাবীত যোৰহাটৰ গৰুমৰাত তীব্ৰ প্ৰতিবাদ

 07/23/2020 - 20:43

 

যোৰহাটঃ অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদী কাৰ্য্যসূচী। ৰাজপথত মানৱ শৃংখল, কৰবাত গীত গাই সাংস্কৃতিক প্ৰতিবাদ, কৰবাত কোনোৱে মুণ্ডন কৰি, কোনোৱে নিজৰ ৰক্তৰে প্ৰতিবাদী শব্দ লিখি আৰু কোনোৱে পথাৰত ভূঁই ৰুই জননেতাজনক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰি আহিছে। আজি যোৰহাট জিলাৰ গৰুমৰাত কৃষকনেতাজনৰ মুক্তিৰ দাবীৰে উত্তৰ পশ্চিম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

কেৱল কৃষিক সাৰথি কৰি জীৱন নিৰ্বাহ কৰা গৰুমৰা অঞ্চলটোৰ নাৰীসকলে কৰ'ণাতকৈও ভয়ানক বানপানী সমস্যাক নেওচি আজি কাৰ্যসূচীটোত অংশগ্ৰহণ কৰি জননেতাজনক বিনাচৰ্তে মুক্তিৰ দাবী তুলে। এই প্ৰতিবাদী কাৰ্যসূচীটোত উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শ্ৰী ধীৰাজ বৰাই অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন কৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীটোৰ যোগেদি গৰুমৰা অঞ্চলৰ নাৰীসমাজ, যুৱসমাজ, কৃষকসকল, আৰু ছাত্ৰসমাজে অখিল গগৈৰ ওপৰত গ্ৰহণ কৰা আক্ৰোশমূলক সিদ্ধান্তৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনক ধিক্কাৰ দি ভবিষ্যতে এনে আক্ৰোশমূলক নীতি গ্ৰহণ নকৰিবলৈ সকীয়নি প্ৰদান কৰে আৰু গৰুমৰা অঞ্চলবাসীয়ে নাগৰিকত্ব সংশোধনী আইনৰ লগতে জাতিবিৰোধী কোনো সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহব বুলি মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।