বৰপেটা জিলা কাৰাগাৰৰ ১৪ কাৰাবন্দীৰ দেহত ক’ভিড-১৯ পজিটিভ

 07/26/2020 - 20:21

 

বৰপেটাঃ বৰপেটা জিলা কাৰাগাৰৰ ১৪ গৰাকী কাৰাবন্দী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। এন্টিজেন পৰীক্ষাত শুকুৰবাৰে ৩ গৰাকী আৰু শনিবাৰে পুনৰ ১১ গৰাকী কাৰাবন্দীৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত কৰা হয়। বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে নিশ্চিত কৰিছে এই তথ্য। ক’ভিড-১৯ পজিটিভ কাৰাবন্দীসকলক কাৰাগাৰৰ ভিতৰতে ক’ৰণাৰ চিকিৎসা প্ৰদান কৰা হৈছে।

ইতিমধ্যে বৰপেটা জিলা কাৰাগাৰত স্থাপন কৰা হৈছে আইছ'লেচন ৱাৰ্ড। মুঠ ৪৬ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ স্থাপন কৰা আইছ'লেচন ৱাৰ্ডত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড ইউনিটৰ চিকিৎসকে কাৰাগাৰত উপস্থিত হৈ নিয়মীয়াকৈ চলাই আছে চিকিৎসা। অবশ্যে এগৰাকী বয়োজেষ্ঠ্য কাৰাবন্দীক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড ইউনিটত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে। বৰপেটাত বিগত ২৪ ঘন্টাত ৩৬ গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। এই পৰ্যন্ত জিলাখনত মুঠ ৭৬৪ গৰাকী ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ ভিতৰত ১২৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।