শুকুৰ আলী এইবাৰ বিতৰ্কত নহয়, দেখুৱাইছে মহানুভৱতা, বান শিবিৰত দিছে সাহায্য

 07/28/2020 - 13:23

 

ধুবুৰীঃ শুকুৰ আলী এইবাৰ বিতৰ্কত নহয় তেওঁ দেখুৱাইছে মহানুভৱতা। শুকুৰ আলী বিগত সংসদীয় নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এতিয়া আকৌ ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বাবে সাজু হৈছে শুকুৰ আলী। এইবাৰ তেওঁ খালি হাতে অহা নাই। তেওঁ আনিছে বানাকান্ত ৰাইজৰ বাবে সাহায্য। বানপানীত ঘৰ ডুবি যোৱা লোক সকলক দিছে বিভিন্ন ধৰণৰ সাহায্য। বিদ্যালয় সমূহত আশ্ৰয় গ্ৰহণ কৰিছে সেই শিবিৰত থকা লোকসকলক শুকুৰ আলী দিছে বান সাহায্য চাউল, ডাইল আদি বস্তু। গৌৰীপুৰৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মদাতী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁৱৰ এলপি স্কুলত বানাক্ৰান্ত‌ই আশ্ৰয় গ্ৰহণ কৰিছে। সেই শিবিৰখনত গৈ শুকুৰ আলীয়ে দিলে বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী। লগতে আগন্তুক বিধান সভাৰ নিৰ্বাচনতো ২৪নং গৌৰীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিলে শুকুৰ আলীয়ে। তেওঁ আকৌ বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ বুলি কলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.