নলবাৰীৰ বাহাৰঘাট চকত অৱস্থিত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বাহাৰঘাট শাখাটো কৰ্মচাৰীৰ অভাৱত ৰাইজক প্ৰয়োজনীয় সা-সুবিধা দিয়াত ব্যৰ্থ, শীঘ্ৰে সচল কৰাৰ বাবে আছুৰ স্মাৰকপত্ৰ

 07/28/2020 - 18:04

 


বাহাৰঘাটঃ নলবাৰী জিলাৰ বাহাৰঘাট চকতে অৱস্থিত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বাহাৰঘাট শাখাটো সম্প্ৰতি কৰ্মচাৰীৰ অভাৱত উপভোক্তাক প্ৰয়োজনীয় সা-সুবিধা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে৷ কামৰূপ আৰু নলবাৰী জিলাৰ বৃহৎ সংখ্যক উপভোক্তাৰ জমাবহী থকা উক্ত বেংকটোত উপভোক্তাই বিচৰা ধৰনে সুবিধা নোপোৱাত বেচিভাগে ক্ষোভ প্ৰকাশ কৰি আহিছে৷ বেংকৰ বিধি অনুযায়ী উপভোক্তাই বহি সুস্থিৰ মতে নিজৰ লেনদেন কৰিব পাৰিব লাগে৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে উক্ত বেংকটোত বহাটো দুৰৰ কথা সুবিধাজনক ভাবে থিয় হব পৰা ব্যৱস্থা নাই৷

বহুত কষ্ট কৰি ঘণ্টাৰ পিচত ঘণ্টা ধৰি থিয়হৈ থাকি বেংকটোৰ ভিতৰত প্ৰবেশ কৰাৰ পিচত বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক যেতিয়া কব এতিয়া লিংক নাই, এতিয়া একাউণ্ট আপডেট নহব, আপুনি পিচত আহক, এনেকুৱা কথা যেতিয়া উপভোক্তাই শুনিব লগা হয় তেতিয়া ক্ষোভিত হৈ পৰে সাধাৰণ গ্ৰাহক৷ তাতে আকৌ কেইজনমান কৰ্মচাৰীৰ মাত-কথা বোৰো খেংখেঙিয়া৷

এইবোৰ অভিযোগ শুনি আজি স্থানীয় বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বেংকটোৰ শাখা প্ৰৱন্ধকৰ জৰিয়তে উৰ্দ্ধতম কতৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মা স্বাক্ষৰিত স্মাৰকপত্ৰ খনত বেংকটোৰ সকলোবোৰ অভাৱ অভিযোগ শীঘ্ৰে আতৰ কৰাৰ লগতে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰি পূৰ্বৰ দৰে সুচল কৰি তোলাৰ দাবী জনাই৷ উল্লেখযোগ্য যে উক্ত বেংকটো কামৰূপ আৰু নলবাৰী জিলাৰ মধ্যস্থত অৱস্থিত আৰু দুয়ো জিলাৰ মাজৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.