কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰী নীতি-নিয়মৰ মাধ্যমেৰে বজালী জিলাসত্ৰ মহাসভাই অনুষ্ঠিত কৰে নাম প্ৰসংগ

 07/29/2020 - 16:48

 


বৰপেটাঃ বজালীৰ বামখাটা সত্ৰত মহাসভাৰ তৰফৰ পৰা গোটেই বজালী জিলাৰ প্ৰতিটো শাখাত একেলগ হৈ বামখাটা সত্ৰত সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম অনুসৰি মাস্ক, চেনিটাইজাৰৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি মহামাৰী কৰ'ণা নিৰ্মূল কৰাৰ কাৰণে বিশ্ববাসীৰ বাৱে নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে জনাই যে আজিৰ পৰা প্ৰায় ৫৫০ বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱ মাস্ক হিচাপে মুখত কাপোৰৰ ব্যৱহাৰ কৰিছিল। নামঘৰ কীৰ্তন ঘৰ সমূহত ঠিক তেনেদৰে বৰ্তমান সময়ত সকলোৱে যাতে মাস্ক পৰিধান কৰে তাৰ বাৱে আহ্বান জনাই সত্ৰাধিকাৰ জনে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।