অখিল গগৈৰ মুক্তি আৰু কা’ বাতিলৰ দাবীত ধুবুৰীৰ মটেৰঝোৰত মানৱ শৃংখল

 07/30/2020 - 18:38

 

ধুবুৰীঃ ধুবুৰীৰ মটেৰঝাৰত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আৰু CAA বালিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। মটেৰঝাৰ আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত কাৰ্যসূচী ৰূপায়ন কৰা হয়। কৃষক নেতাগৰাকীক মুক্তিৰ বাবে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।


অখিল গগৈক মুক্তি দিয়ক", অসম চৰকাৰ হায় হায়", কৃষক মুক্তি জিন্দাবাদ" আদি ধ্বনিৰে প্ৰতিবাদ কৰি নেতাগৰাকীক শীঘ্ৰই মুক্তি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। প্ৰায় সাতমাহ ধৰি কাৰাবন্দী হৈ থকা নেতাগৰাকী অসুস্থ হৈ পৰা বাবে চিকিৎসাধীন হৈ আছে যদিওঁ তেওঁৰ চিকিৎসাত যাতে কোনো ত্ৰুতি নৰয় তাৰ বাবে চৰকাৰৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।