কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কাকপথাৰত অৱস্থান ধৰ্মঘট

 08/04/2020 - 18:58

 

কাকপথাৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু EIA ২০২০ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কাকপথাৰ অসমীয়া দূৰ্গাপুজা মন্দিৰৰ প্ৰাংগনত সন্মিলিত সংগ্ৰামী মঞ্চৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে কা’ আমি নামানো বিজেপি চৰকাৰ হুছিয়াৰ আৰ এছ এছ হুছিয়াৰ অখিল গগৈক মুক্তি দিয়ক EIA বাতিল কৰক ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে যিকোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ লগতে EIA খচৰা ২০২০ গ্ৰহণ নকৰাৰ হুংকাৰ দিয়াৰ ওপৰিও প্ৰয়োজনত ইয়াতকৈ তীব্ৰ আন্দোলনেৰে বিৰুধীতা কৰি যোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।