08/05/2020 - 16:46
in

বৰপেটাঃ জনীয়া সমষ্টিৰ দক্ষিণ তিতাপানী সমবায় সমিতিত সংঘটিত হৈ থকা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আপোচহীনভাৱে প্ৰতিবাদ কৰাৰ বাবেই বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সাংগঠনিক সম্পাদক জেহেৰুল ইছলাম ওৰফে বুলবুল খানৰ ওপৰত ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰি প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে।
এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ শ্ল’গান দিয়া সোণোৱাল চৰকাৰৰ দিনত কলগাছিয়া আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্থৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোক সকলৰহে মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বুলবুল খানক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।