ধুবুৰীত লোমহৰ্ষক হত্যাকাণ্ডঃ সাহিনুৰ ইছলাম নামৰ এজন লোকক হানি খুচি হত্যা

 08/09/2020 - 13:57

 

 

ধুবুৰীঃ ধুবুৰীৰ আয়ৰন জংলা তৃতীয় খণ্ডৰ সাহিনুৰ ইছলাম নামৰ এজন লোকক হানি খুচি হত্যা কৰে জালাল সেখ, ওৰফে ভোলা নামৰ লোকজনে। হত্যাকাৰীৰ পিতৃৰ নাম আৰমান সেখ। মৃত্যু সাহিনুৰ ইছলাম আয়ৰন জংলা তৃতীয় খণ্ডৰ ছফিয়ৰ ৰহমানৰ পুত্ৰ। প্ৰাপ্ত অভিযোগ অনুসৰি আজি পুৱাৰ ভাগত সাহিনুৰ ইছলামে শহুৰৰ ঘৰৰ চোতালত বহি আছিল এনেতে হঠাৎ জালাল সেখ উপস্থিত হৈ অচম্বিতে চোকা অস্তৰে শৰীৰৰ কেইবা ঠাইত আঘাত কৰি পলাই যোৱাৰ সময়ত আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

পিছত লগে লগে সাহিনুৰ ইছলামক আহত অৱস্থাত আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ নিয়াৰ পথত মৃত্যুবৰণ কৰে। পিছত মৃত্যুদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ যায়। উল্লেখ্য যে ধুবুৰী এ,এম,কো,ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাছেন আলীৰ লগত মিতিৰালি পাতি বহুদিনেৰে পৰাই ধুবুৰীৰ নিউঘাট, আয়ৰন জংলা ওচৰ চুবুৰীয়া বিভিন্ন ঠাইত নেশাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চালাই আছে বুলি স্থানীয় ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে। লগতে উক্ত বিষয়ৰ ওপৰত অনতিপলমে তদন্ত কৰি দোষীক উচিত শাস্তি বিহিবলৈ ৰাইজে দাবী জনায়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।