ক'ভিড-১৯ ত আক্রান্ত মহিলাৰ প্ৰথমটো প্ৰসৱ শিৱসাগৰৰ চৰকাৰী চিকিৎসালয়ত

 08/09/2020 - 14:43

 

 

শিৱসাগৰঃ ক'ভিড-১৯ ত আক্রান্ত মহিলাৰ প্ৰথমটো প্ৰসৱ শিৱসাগৰৰ চৰকাৰী চিকিৎসালয়ত। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত মহিলাই যোৱা নিশা ২.৩০ বজাত জন্ম দিয়ে এটি সন্তান। চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা: প্ৰশান্ত প্ৰতীম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোনমনি তামুলীৰ নেতৃত্বত চিকিৎসক নাৰ্চৰ সহযোগত সন্তান জন্ম দিয়ে কাজল পাংগিং নামৰ মহিলা গৰাকীয়ে। শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙৰ কাজল পাংগিং ক'ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল ক’ভিড ৱাৰ্ডত। অৱশ্যে প্ৰসৱ হোৱা শিশুটোৰ ক'ভিড টেষ্ট আজিহে সম্পন্ন হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।