দক্ষিন বাৰপূজীয়াৰ হৰিকান্ত নাথ নামৰ লোকজন আক্ৰান্ত হৈছে কৰ্কট ৰোগত, ৰাইজক সহায়ৰ বাবে আহ্বান

 08/09/2020 - 15:01

 


ৰহাঃ ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনেই দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত। চিকিৎসাৰ বাবে হাঁহাকাৰ কৰিছে পত্নী আৰু একমাত্ৰ কন্যাই। এয়া ৰহাৰ দক্ষিন বাৰপূজীয়াৰ এটা দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। দক্ষিন বাৰপূজীয়াৰ হৰিকান্ত নাথ নামৰ লোকজন আক্ৰান্ত হৈছে ডিঙিৰ কৰ্কট ৰোগত। পৰিয়াল বুলিবলৈ হৰিকান্তৰ পত্নী আৰু এজনী জীয়ৰী। দিন হাজিৰা কৰি কোনোমতে তিনিজনীয়া পৰিয়ালটো চলাই আছিল। কিন্তু চাৰিমাহৰ আগতে হৰিকান্তৰ ডিঙিত কৰ্কট ৰোগ ধৰা পৰাত পত্নীয়ে যিমান মাটি বাৰী আছিল সেয়া বিক্ৰী কৰি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা কৰাইছিল যদিও টকাৰ অভাৱৰ বাবে ঘৰলৈ ঘূৰাই আনিবলৈ বাধ্য হ'ল।

'সবকা চাথ, সবকা বিকাশ' চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই হৰিকান্তৰ চিকিৎসাৰ বাবে। ফলত মৃত্যুৰে যুঁজি চটফটাই থকা হৰিকান্তৰ এনে অৱস্থাত দিশহাৰা হৈ পৰিছে পত্নী-কন্যা। এতিয়া পত্নীয়ে বিচাৰিছে সুহৃদয়জনৰ সহায়। একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনেই ৰোগশয্যাত পৰি থকাত এমুঠি অন্নৰ কাৰণেও হাঁহাকাৰ কৰিবলগীয়া হৈছে পত্নী আৰু কন্যাই। এসাজ খাই এসাজ লঘোনে থাকিবলগীয়া হৈছে পৰিয়ালটো। মৰিগাঁও সমষ্টিৰ অন্তৰ্গত দক্ষিন বাৰপূজীয়াৰ অসহায় পৰিয়ালটোৰ এনে বিপদৰ সময়তো মাত এষাৰ দিবলৈও সময় পোৱা নাই জনপ্ৰতিনিধিসকলে। তথাপি পত্নীয়ে নিজৰ মানুহজনক চিকিৎসা কৰি সুস্থ কৰিবলৈ কাবৌ কৰিছে চৰকাৰক। স্থাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিবনে এই দৰিদ্ৰ অসহায় পৰিয়ালটোৰ ওপৰত? অসহায়, হতাশগ্ৰস্থ পৰিয়ালটোক সহায় কৰিব বিচাৰিলে 9864681239 নম্বৰত যোগাযোগ কৰি অলপ সহায় কৰিবলৈ স্থানীয় লোকেও সুহৃদজনক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।