ৰেডক্ৰছ ছচাইটি নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি কৈঠালকুছি দুৰ্গাপূজা সমিতিৰ প্ৰাংগণত দুখীয়া প্ৰায় ৩৫ জন ব্যক্তিৰ মাজত ত্ৰিপাল আৰু মাস্ক বিতৰণ

 08/09/2020 - 19:27

 

 

নিউজ ডেস্কঃ ৰেডক্ৰছ ছচাইটি নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি কৈঠালকুছি দুৰ্গাপূজা সমিতিৰ প্ৰাংগণত দুখীয়া প্ৰায় ৩৫জন ব্যক্তিৰ মাজত ত্ৰিপাল আৰু মাস্ক বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰেডক্ৰছ ছচাইটি নলবাৰী জিলা সমিতিৰ সম্পাদক পঙ্কজ বৰ্মন, জুনিয়ৰ ৰেডক্ৰছৰ বিশাল বিক্ৰম চৌধুৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন। কৈঠালকুছি দুৰ্গাপূজা সমিতিৰ সম্পাদক ফটিক চন্দ্ৰ বৰ্মন, সহকাৰী সম্পাদক কৈলাশ হালৈ আৰু পূজা কমিটিৰ বিষয়ববীয়াবৃন্দ। লগতে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বহুতো সচেতন ব্যক্তিৰ লগতে সংবাদকৰ্মীসকল। সংবাদকৰ্মীসকলক একোটা উপহাৰ টোপোলা প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।