চাঞ্চল্যঃ ভৱানীপুৰৰ পূৰ্ব লুৱাশুৰত পুত্ৰক আক্ৰমণ কৰি পিতৃ ফকৰ আলী পলায়ন, মাহীমাকক আৱদ্ধ কৰিলে ৰাইজে

 08/09/2020 - 19:34

 

 

হাউলীঃ বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এডিপি বজাৰৰ সমীপৰ পূৰ্ব লুৱাশুৰ গাঁৱত পিতৃ আৰু মাহীমাকৰ আক্ৰমণত নাবালক পুত্ৰ ৰাশিদুল আলী গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে| জানিব পৰা মতে পূৰ্ব লুৱাশুৰ গাঁৱত শনিবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি ফকৰ আলীয়ে নিজ পুত্ৰ ৰাশিদুল আলীক মাতি আনি ঘৰৰ ভিতৰত আৱদ্ধ কৰি নিজ পিতৃ ফকৰ আলী আৰু মাহী মাক তথা ফকৰ আলীৰ দ্বিতীয় পত্নী চনেখা খাতুনে যৌথভাৱে কাপোৰেৰে মুখত সোপাঁ দি বেয়াকৈ মাৰ-ধৰ কৰি শৰীৰৰ বিভিন্ন অংগত আঘাত কৰাৰ ওপৰিও বাওঁহাত আৰু ভৰি এখন সম্পূৰ্ণৰূপে অক্ষম কৰি পেলায়|

ইয়াতে ক্ষান্ত নাথাকি পিতৃয়ে হাতত দা লৈ ঘপিয়াবলৈ চেষ্টা কৰোতে পুত্ৰই চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ অৱস্থাত ৰাশিদুলক ঘৰৰ পৰা উদ্ধাৰ কৰে| পিতৃ ফকৰ আলীয়ে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় যদিও মাহী মাক চনেখা খাতুনক বাতৰি লিখা পৰলৈকে ৰাইজে আৱদ্ধ কৰি ৰাখে| দেওবাৰে পুত্ৰ ৰাশিদুল আলীৰ অৱস্থা অতিকৈ গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে| উল্লিখিত ঘটনা সন্দৰ্ভত ৰাশিদুলৰ ককা (আতা) মোকাদ্দেছ আলীয়ে ফকৰ আলী আৰু চনেখা খাতুনৰ বিৰুদ্ধে ভৱানীপুৰ আৰক্ষী চকীত ৰবিবাৰে এখন এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত সৱিশেষ তদন্ত কৰি আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।