08/11/2020 - 15:44
in

শিৱসাগৰঃ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত EIA-20ৰ প্ৰতিলিপি দাহ আছু কৰ্মীৰ। Enviromental impact assesment ৰ অধিসূচনাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিকতালৈ ভাবুকি আনিব বুলি দাবী আছুৰ। অসমত সম্পদ পুঁজিপতিৰ হাতলৈ যোৱাৰ পথ প্ৰশস্ত কৰা EIA বাতিলৰ দাবী শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ। জিলাখনৰ নাজিৰা, সোণাৰি আৰু শিৱসাগৰ সদৰত এই প্রতিবাদ কৰে আছুৱে। আছুৰ নাজিৰা, চৰাইদেউ আৰু শিৱসাগৰ মহকুমা সমিতিৰ ঊদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। EIA বাতিলৰ দাবীত শিৱসাগৰ জিলাত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে আছুৱে।