ৰঙিয়াৰ বৰমুৰাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

 08/12/2020 - 15:31

 

 

ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমিপৰ বৰমুৰাত প্ৰহ্লাদ ডেকা (২৩) নামৰ এজন যুৱক আজি দিনৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লোৱাত সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিষয়ে জানিব পৰামতে আজি পুৱাৰ ভাগত এটা পৰিয়ালৰ ঘৰৰ সন্মুখত গছৰ ডাল এটা কাটিবলৈ লওঁতে কাষৰে যোৱা বিদ্যুতৰ তাৰত যুৱকজন বিদ্যুৎস্পৃষ্ট হৈ মুহূৰ্ততে ঢলি পৰে। পৰিয়ালটোয়ে যুবকজনক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়ামতে প্ৰহ্লাদ ডেকাই অঞ্চলটোত ব্যক্তিগতভাবে বিদ্যুতৰ কাম কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।