নলবাৰীত মানৱ শৃংখল আছুৰ

 08/12/2020 - 16:34

 


বাহাৰঘাটঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ই আই এ অধিসূচনা প্ৰত্যাহাৰ কৰাৰ দাবীত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ইয়াৰ পি এন চি পথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। পাঁচ শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ লোৱা এই মানৱ শৃংখল কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে 'কা' বাতিল কৰক, ই আই এ প্ৰত্যাহাৰ কৰক, অসম চৰকাৰ হায় হায়, মোদী, সৰ্বানন্দ হুঁচিয়াৰ, হিমন্ত বিশ্ব মূর্দাবাদ, কেন্দ্ৰ-ৰাজ্য চৰকাৰ লেই লেই-চেই চেই' আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। উল্লেখযোগ্য এই মানৱ শৃংখল কাৰ্যসূচীত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবেৰুৱা, জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন আদিয়ে প্ৰতিবাদী ভাষণ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।