ডিফুত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 08/15/2020 - 17:47

 

চিলনীজানঃ আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস, কৰ'ণা সম্পৰ্কীয় সকলো নীতি-নিয়মৰ মাজেৰে এইবাৰ স্বাধীনতা দিৱস সংগতি ৰাখি অাজি কাৰ্বি অাংলং জিলাৰ সদৰ ডিফুতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডিফুত অাজি পূৱা ৭ বজাৰ পৰা বিভিন্ন অফিচ-কাচাৰী অাদিত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালভাবে ডিফুৰ ৱাৰ্ড নাম্বাৰ ১৩ টো অনুস্তুপীয়া কাৰ্য্যসূচীৰে কৃষি বিভাগৰ খেল পথাৰত জাতীয় পতাকা উত্তোলন কৰে মহামায়া সমষ্টিৰ ভি ডি চি চেয়াৰমেন অৰ্চন ৰংপীয়ে অাৰু অনুস্থানটোত উপস্থিত থাকে ৱাৰ্ড কমিছনাৰ চিমন ফাংছ", গাঁওবুঢ়া সময় চিংনাৰ কে অাদি কৰি ৫খন গাঁৱৰ মুৰব্বী অাৰু বিশিষ্ট ব্যক্তিসকল। পাছত চৰকাৰী কায্যসূচী অনুযায়ী পুৱা ৮ বজাত স্থানীয় গান্ধী পাৰ্কত স্বহীদ তৰ্পন কৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে, লগতে উপস্থিত থাকে ডিফুৰ সাংসদ হৰেণচিং বে অাৰু প্ৰশাসনৰ উচ্চপ্ৰদস্থ বিষয় ববীয়াসকল। তাৰ পিছত গভমেণ্ট বয়জ হাইস্কুল খেলপথাৰত অনুস্থিত জাতিয় পতাকা উত্তোলন কাৰ্য্যসূচীত গাৰ্ড অফ অৰ্নাৰ গ্ৰহণ কৰে চি ই এম তুলিৰাম ৰংহাঙে লগতে তেওঁ জাতীয় পতাকাও উত্তোলন কৰি ভাষন প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।