বাক্সাত গণ সুৰক্ষা পৰিষদৰ নিৰ্বাচনী সভা

 08/16/2020 - 18:31

 

বৰমাঃ সমাগত বিটিচি নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে সকলো দল। বিটিচিৰ বিভিন্ন ঠাইত চলি আছে নিৰ্বাচনী প্ৰচাৰ। আজি বাক্সা জিলাৰ খাৰুৱাজানৰ মন্দিৰ প্ৰাংগনত গণ সুৰক্ষা পৰিষদৰ এখন সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে বৰমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, গণ সুৰক্ষা পৰিষদ দলৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী খনিন ডেকা। খনিন ডেকাই কয় যে BPFএ বিগত সময়চোৱাত বিভিন্ন ধৰণৰ দুর্নীতিত লিপ্ত হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, ৰাষ্টা-ঘাট আদিকে ধৰি প্ৰায় সকলোবোৰ কামতে দুৰ্নীতি হোৱা বুলি মত পোষণ কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।