তিনিচুকীয়াত কৌশলেৰে ধন সংগ্ৰহ কৰি পলায়ন ভুৱা সাংবাদিকৰ

 08/18/2020 - 20:17

 

কাকপথাৰঃ নিজকে বহিঃৰাজ্যত প্ৰতিষ্ঠিত আৰু সাংবাদিক বুলি পৰিচয় দি লুটপাত চলাই পলায়ন কৰিছে লখিমপুৰৰ এজন যুৱকে৷ সদানন্দ নেওঁগ নামৰ লখিমপুৰ এই যুৱকজনে কৰ্মসূত্ৰে কৰ্নাটকত থাকে৷ মাজে সময়ে অসমলৈ আহ-যাহ যুৱকজনৰ৷ লকডাউনৰ সময়ছোৱাতে তিনিচুকীয়াৰ ডুমডুমা ফিল’বাৰীৰ পৰা কোনো যুৱতীক বিয়া কৰাই এতিয়া যুৱতী গৰাকীৰ আ-অলংকাৰ, মোবাইল আদি লৈ অন্তৰ্ধান হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

জানিব পৰামতে যুৱতীগৰাকীক বিয়া পাতি প্ৰৱঞ্চকজনে মাকুমত ঘৰ ভাড়া লৈ আছিল৷ এই ব্যক্তিজনে জিলাখনৰ বহু ঠাইত সংবাদ মাধ্যমত জড়িত বুলি ধন সংগ্ৰহ কৰি আহিছে৷ আনকি যুৱকজনে কৌশলেৰে কেইবাখনো প্ৰেছ কাৰ্ড সংগ্ৰহ কৰি সংবাদ মাধ্যমত জড়িত বুলি প্ৰচাৰ চলাইছিল৷ বিভিন্ন দুষ্কৰ্মত জড়িত সদানন্দ নেওগ নামৰ যুৱকজনে কেনেকৈ কৰ্নাটকৰ পৰা আহি যুৱতীগৰাকীক বিয়া পাতিবলৈ সক্ষম হ’ল সেয়াও এতিয়াও ৰহস্যৰ আৱৰ্তত৷ আনহাতে যুৱকজনে যিহেতু বহিঃৰাজ্যত থাকে গতিকে তেওঁৰ হাতত কেনেদৰে সাংবাদিকৰ পৰিচয় পত্ৰ আহিল তাকে লৈ সৃষ্টি হৈছে ৰহস্য৷ এইগৰাকী লম্পট প্ৰকৃতিৰ যুৱকক উচিত শাস্তিৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।