শিৱসাগৰত টাই আহোমসকলক জনজাতিকৰণ, স্বায়ত্ত-শাসন প্ৰদানৰ লগতে কা’ আৰু EIA বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট

 08/19/2020 - 17:45

 

শিৱসাগৰঃ শিৱসাগৰ জিলাত টাইপাৰ প্ৰতিবাদ। সংগঠনটোৰ অৰ্ধশতাধিক সদস্যই জনজাতিকৰণ মৰ্যাদা প্ৰদান, স্বায়ত্ত শাসন প্ৰদানৰ লগতে কা"আৰু EIA অতি শীঘ্ৰে বাতিলৰ দাবীৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

চৰকাৰে টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীক নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত সকলো ফুটুকাৰ ফেন হৈ পৰে।

২১ৰ নিৰ্বাচনত ৪০ লাখ আহোমে ইয়াৰ প্ৰত্যুত্বৰ দিয়াৰ হুংকাৰ। "কা" আৰু "EIA" ক কোনো কাৰণত মানি লোৱা নহ'ব, চৰকাৰে এনে আইনৰ দ্বাৰা বিজেপি বৃটিছৰ দৰে একনায়কত্ববাদী শাসন প্ৰৱৰ্তন কৰিব খুজিছে বুলি অভিযোগ টাইপাৰচাৰি দফীয়া স্মাৰক পত্ৰ উপায়ুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।