ধুবুৰীৰ নওদাপাৰা অংগনবাদী কেন্দ্ৰত ভয়াৱহ দুৰ্নীতিঃ থানাত এজাহাৰ

 08/23/2020 - 13:12

 

ধুবুৰীঃ সম্প্ৰতি চৌদিশে মহামাৰি ক’ৰণা ভাইৰাছৰ আতংক। এনে সময়তো ধুবুৰীৰ গৌৰীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৬৩ নং নওদাপাৰা অংগনবাদী কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি আৰু দুৰ্নীতি কণ কণ শিশুক খাদ্য যোগান নধৰাকৈ ছুপাৰভাইজাৰ মানজুদা বেগম আৰু কেন্দ্ৰটোৰ সহায়িকা কহিনুৰ খাতুনে কৰি আছে সকলো ধৰণৰ বস্তু আত্মসাৎ। বিভাগটোত অভিযোগ দিয়াৰ পিছত কোনো নিৰব ভূমিকা পালন নকৰাত উপায়ন্তৰ হৈ ১৮ আগষ্টত ধুবুৰী সদৰ আৰক্ষী থানাত ছুপাৰভাইজাৰ আৰু সহায়িকাৰ বিৰুদ্ধে এজাহাৰ দিয়ে কেন্দ্ৰটোৰ সভানেত্রী ছফুৰা বিবিয়ে।ছুপাৰভাইজাৰ-সহায়িকাক নিলম্বিত কৰি উচিত শাস্তিৰ দাবী স্থানীয় ৰাইজৰ। আচলতে ধুবুৰী জিলা সমাজ কল্যাণ বিভাগে কানসাৰ ৰাখিছে নে নাই অংগনবাদী কেন্দ্ৰসমূহত কি চলি আছে?

লকডাউনৰ সময়ত চৰকাৰে অংগনবাদী কেন্দ্ৰসমূহত বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰীকে ধৰি অন্যান্য বস্তু প্ৰদান কৰিছিল সেই সামগ্ৰীসমূহ কণ কণ শিশুক প্ৰদান নকৰিলে কিয়? ৰাইজৰ এক ডাঙৰ প্ৰশ্ন? উক্ত অভিযোগ মতে অংগনবাদী কেন্দ্ৰটোত বিভাগে আৱণ্টন দি অহা বিভিন্ন ধৰণৰ শিশুৰ পুষ্টিকৰ আহাৰৰ লগতে আৰু গৰ্ভৱতী মহিলাৰ খাদ্য-সামগ্ৰীসমূহ কেন্দ্ৰটোত মজুত ৰখাৰ বিপৰীতে নিজ গৃহত মজুত কৰি আহিছে সহায়িকা কহিনুৰ খাতুনে।

এই ব্যাপক দুৰ্নীতিৰ লগত জড়িত ছুপাৰভাইজাৰ মানজুদা বেগম। কাৰ বলত বলিয়ান ছুপাৰভাইজাৰ মানজুদা বেগম আৰু অংগনবাদী কেন্দ্ৰটোৰ সহায়িকা কহিনুৰ খাতুন? কেন্দ্ৰ পৰিচালনা সমিতিৰ সভানেত্রীৰ দিহা পৰামৰ্শ নোলোৱাকৈ নিজৰ ইচ্ছামতে চলাইছে কেন্দ্ৰটোৰ যাৱতীয় কাম-কাজ। প্ৰতিজন শিশুৰ বাবে বিভাগে আবণ্টন দিয়া চাউল, দাইল আদিৰ পৰিমাণ গোপন কৰি অনিয়ম দুৰ্নীতি সংঘটিত কৰি আহিছে। ঘটনা সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰৰ ওচৰত সঠিক তদন্ত বিছাৰিছে স্থানীয় ৰাইজে। ২৬৩ নং নওদাপাৰা কেন্দ্ৰটোত শিশুৰ পুষ্টিকৰ খাদ্যৰ নামত দুৰ্নীতি কৰাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।