বাক্সাৰ খাৰিজা বিজনীৰ কৃষিভূমিত পোকৰ উপদ্ৰৱ, মূৰে-কপালে হাত দিছে কৃষকে

 08/23/2020 - 13:40

 

খাৰিজা বিজনীঃ ৰাজ্যত বান পৰিস্থিতি শাম কাটিছে যদিও কৃষকৰ মাজত দেখা দিছে আন এক বিপদে। বাক্সাৰ খাৰিজা বিজনীত সজাল ধৰিবলৈ আৰম্ভ কৰা ধাননী পথাৰত উপদ্ৰৱ সৃষ্টি কৰিছে জাক জাক পোকে। যাৰ বাবে পোকৰ এনে উপদ্ৰৱত প্ৰত্যক্ষ কৰি এতিয়া মূৰে-কপালে হাত দিবলৈ বাধ্য হৈছে কৃষক।

বৃহত্তৰ অঞ্চলটোৰ শশ বিঘা সেউজীয়া হ'বলৈ ধৰা ধাননী পথাৰ এতিয়া হৈ পৰিছে শুকান। যাৰ বাবে পোকৰ এনে উপদ্ৰৱৰ পৰা সোণগুটিডৰা ৰক্ষা কৰিবলৈ উপায় বিচাৰি বাক্সা জিলা কৃষি বিভাগক কাতৰ আহ্বান জনাইক কৃষক সমাজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।