শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ বিভাগৰ চিন্তন বৈঠক অনুষ্ঠিত

 08/23/2020 - 18:23

 


উত্তৰ গুৱাহাটীঃ আজি ঋষি পঞ্চমীৰ পবিত্ৰ দিনটৌতে শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটীস্থিত ৰাধাগোবিন্দ পথৰ প্ৰশান্ত পথত থকা মুখ্য কাৰ্যালয়ত শিশু শিক্ষা  সমিতি অসমৰ  প্ৰচাৰ বিভাগৰ এখনি চিন্তন বৈঠক অনুষ্ঠিত হৈ যায়। সভাত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কিদৰে সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু  বিদ্যা নিকেতন সমূহত প্ৰয়োগ কৰা হ'ব এই বিষয়ে গভীৰ আলোচনা কৰা হয় বুলি সমিতিৰ প্ৰচাৰ বিভাগৰ সম্পাদক অজয় কুমাৰ বৰাই এক প্ৰেছ বিজ্ঞাপ্তি যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে। শিশু  শিক্ষা  সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকখনি  সঞ্চালনা কৰে শিশু  সমিতি অসমৰ  সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে।

 নতুন ৰাষ্ট্ৰীয়  শিক্ষা নীতিত পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত শিক্ষা প্ৰদান  কৰিবলৈ   ভাৰত চৰকাৰে লোৱা বলিষ্ঠ পদক্ষেপক  শিশু  শিক্ষা  সমিতিয়ে আদৰণি জনাইছে।  নতুন  ৰাষ্ট্ৰীয়  শিক্ষা নীতিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা অপশক্তি সমুহক প্ৰতিহত কৰাৰ দৃ্ঢ় সংকল্পও আজিৰ সভাত লোৱা হয়। ইয়াৰ বাবে সভাত উপস্থিত থকা প্ৰচাৰ বিভাগৰ সহ প্ৰচাৰ সম্পাদক  শৈলেন্দ্ৰ পাণ্ডে, প্ৰান্তীয় সংবাদ দাতা লালজী সোণাৰী,  ছ'চিয়েল মিডিয়া প্ৰমুখ দ্বয় মুকুটেশ্বৰ গোস্বামী আৰু নীতিন ভাগৱতী , কাৰ্যালয়ৰ সহ সচিৱ মাধৱ কলিতা আৰু  প্ৰচাৰ বিভাগৰ নৱ নিযুক্ত সদস্য  দীক্ষিত শৰ্মাক দায়িত্ব  অৰ্পণ কৰা হয়।

সভাৰ শেষত বিদ্যা ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সহ সাংগঠনিক সম্পাদক  ড০ পৱন তিৱাৰীয়ে বিগত বৰ্ষত শিশু  শিক্ষা  সমিতি  অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু  বিদ্যা  নিকেতন সমূহৰ অভূতপূৰ্ব সাফল্যৰ কথা উল্লেখ কৰি  মাতৃভাষাত পাঠদানৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সফল প্ৰয়োগৰ বাবে শিশু  শিক্ষা  সমিতি অসমৰ  প্ৰচাৰ বিভাগৰ সভাত উপস্থিত সদস্য সকলক নিষ্ঠাৰে কাম কৰিব যাবলৈ আহবান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।