ডিগবৈ বিধান সভা সমষ্টিত এনৰেগা আঁচনিত ব্যাপক লুণ্ঠনঃ কাম নকৰাকৈ ক্লাচিক এণ্টাৰপ্ৰাইজে লুটিলে বিশ লাখ টকা

 08/26/2020 - 15:13

 


ডিগবৈঃ ডিগবৈ বিধান সভা সমষ্টিত এতিয়া পথ নিৰ্মাণৰ নামত চলিছে লুণ্ঠনৰাজ। যি সময়ত বিধায়ক সুৰেন ফুকনে স্বচ্চ নিকা ভাবমূৰ্তিৰ কথা সভা সমিতিয়ে কৈ ফুৰে তেনে সময়তে বিধায়কৰ চকুৰ সন্মুখতে ক্লাচিক এণ্টাৰপ্ৰাইজে পথ নিৰ্মাণৰ পেভাৰ ব্লক আৰু পাথৰ পেলোৱা, কালভাৰ্ট বহুৱাৰ বাবদ সৰকালে প্ৰায় বিশ লাখ কৈ টকা।

প্ৰশ্ন উঠিছে কোন হয় এই ক্লাচিক এণ্টাপাইজ? ডিগবৈ বিধান সভা সমষ্টিৰ বৰহাপজান আৰু পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাতটা পথ নিৰ্মাণত সামগ্ৰী যোগান ধৰাৰ নামত স্বাধীনতা দিবসৰ দিনা কেনেকৈ ক্লাচিক এণ্টাৰপ্ৰাইজে লুটিলে এনৰেগা আঁচনি বিশ লাখকৈ টকা।

RTI তথ্য ভিত্তিত সকলো দুৰ্নীতি পোহৰলৈ আহিছে। এই সমগ্ৰ দুৰ্নীতিত বিধায়ক সুৰেন ফুকন, বৰহাপজান আৰু পানীখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী ক্ৰমে পিংকী মৰাণ আৰু ৰুণু ৰাণি হালৈ, খণ্ড উন্নয়ন বিষয়া জড়িত আছে বুলি অভিযোগ কৰিছে স্থানীয়লোকে। সমগ্ৰ ঘতনাৰ সন্দ্ৰভত বিধায়ক সুৰেন ফুকনে মত প্ৰকাশ কৰে। তেওঁক বিপদে পৰিচালিত কৰিবলৈ এনে মিছা অভিযোগ অনা বা তেওঁৰ নাম সাঙুৰ সোৱা বুলি মতপোষণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।