নগাঁৱৰ কঠিয়াতলীত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত ধৰ্ণা কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

 08/26/2020 - 18:24

 

কামপুৰঃ সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ কঠিয়াতলীতো চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কন্দলী চাহ বাগানৰ শ্ৰমিকসকলে বিয়লি চাৰি বজাৰ পৰা দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়নৰে চৰকাৰক সকীয়নি দিয়ে৷

কন্দলী চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখাৰ উদ্যোগত আৰু কঠিয়াতলী উপ শাখাৰ চাহ শ্ৰমিকৰ সহযোগত কন্দলী চাহ-বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত চাহ  জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, জনজাতি কৰণ, মাটিৰ পট্টা প্ৰদান, বিভিন্ন সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰে৷ শীঘ্ৰেই দাবীসমুহ চৰকাৰক কাৰ্যকৰী কৰণৰ দাবী জনায়৷ অন্যথা অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।