কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্যঃ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

 08/27/2020 - 18:42

 

চিলনীজানঃ মাঞ্জাত আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৫ কোটিৰ অধিক মূল্যৰ মাৰাত্মক ড্ৰাগছ। আৰু বৃহস্পতিবাৰে পুৱাৰ ভাগত মাঞ্জাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া নাকা তালাচীৰ সময়ত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী NL07A8201 নম্বৰৰ এখন খালি ট্ৰাকৰ চালকৰ পিছফালে এটা বস্তাত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছখিনি। ইতিমধ্যে ট্ৰাকখনৰ ড্ৰাইভাৰ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী থানাত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাই এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে। অন্যহাতে এই সন্দৰ্ভত মাঞ্জা থানাত ২৯/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।