তামুলপুৰৰ দ্বাৰকুচিত কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এবিএমছুৰ

 08/27/2020 - 18:51


তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দ্বাৰকুচি আঞ্চলিক এবিএমছুৰ উদ্যোগত বুধবাৰে দ্বাৰকুচিৰ চিকনিবাৰীত অনুষ্ঠিত হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে কয় যে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থা যথেষ্ট নিম্নগামী হৈছে। বিটিচিৰ লগতে সমগ্ৰ ৰাজ্যখনৰ শিক্ষা খণ্ডৰ অৱস্থা দুখলগা আৰু পয়ালগা।

ছাত্ৰ-ছাত্ৰী অনুপাতে বিদ্যালয়সমূহত শিক্ষক নথকাটো আজিৰ অসমত শিক্ষা খণ্ডৰ এক দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। অসমৰ সকলো জাতি-জনগোষ্ঠীয় ছাত্র সংগঠন সমূহক আহ্বান জনাই হুছেইনে কয় যে অসমৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ ইছ্যুত একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে মাত মাতি শিক্ষা ব্যৱস্থা উন্নয়নৰ বাবে কাম কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত সকলো মতাদৰ্শ পাহৰি এখন মঞ্চত থাকি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি ছাত্ৰ-ছাত্ৰীসকলে সম্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ বাবে ছাত্ৰ-সংগঠনক সমূহক একত্ৰিত হবলৈ আহ্বান জনায়।

অনাগত দিনত শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ সমাধান নকৰিলে আমাৰ জনগোষ্ঠীয় বা জাতীয় সমস্যাসমূহ সমাধান নহব বুলিও টাইছন হুছেইনে গুৰুত্ত্বপূৰ্ণ ভাষণ ৰাখে। দ্বাৰকুচি আঞ্চলিক এবিএমছুৰ সভাপতি বদৰুদ্দিন খানৰ পৌৰহিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সভাপতি বুবুল আলীয়ে।

দ্বাৰকুচি আঞ্চলিক এবিএমছুৰ সাধাৰণ সম্পাদক ইমৰাণ হুছেইনে আঁত ধৰা সভাখনত উপস্থিত থাকি এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে কয়-শিক্ষা হৈছে একো একোটা জাতিৰ মেৰুদণ্ড। প্ৰকৃত শিক্ষা অবিহনে কোনো এটা জাতি-জনগোষ্ঠীৰ উন্নয়ন সম্ভৱ নহয়। শিক্ষাৰ অভাৱৰ বাবেই একো একোটা অঞ্চলত  বাল্য বিবাহ, বহু বিবাহৰ দৰে কুসংস্কাৰসমূহ আজিও বিৰাজমান। সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক তাইজুদ্দিন আহমেদ ,  ডঃ ৰেহেনা চুলতানা, ৰঙিয়াৰ প্রেগমেটিক একাডেমীৰ শিক্ষয়ত্ৰি বিনীতা পাঠকে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী ( ডক্টৰেট) লাভ কৰা ডঃ ৰেহেনা চুলতানক এবিএমছুৰ কেন্দ্ৰীয় সমিতিয়ে ফুলাম গামোচা, জাপি, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে এই বছৰ হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ১০০ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, কিতাপ আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।