নলবাৰী জিলা ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খাতিকুছি গাঁও পঞ্চায়তৰ অধিকাংশতে চৰকাৰী আঁচনিৰ নামত চলিছে ধন আত্মসাৎ কৰা প্ৰতিযোগিতা, থানাত গোচৰ

 08/28/2020 - 13:21

 


বাহাৰঘাটঃ নলবাৰী জিলা ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়নৰ অন্তৰ্গত খণ্ড ৯ টা গাঁও পঞ্চায়তৰ অধিকাংশতে চৰকাৰী আঁচনিৰ নামত চলিছে অঘোষিত ধন আত্মসাৎ কৰা প্ৰতিযোগিতা। পিছে এই সমূহ দুৰ্নীতি, অনিয়ম দেখা শুনাৰ পিছতো উৰ্ধতম কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক অশোক শৰ্মা ৰহস্যজন নীৰৱ অৱলম্বন কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। তেনে এক উদাহৰণ হ'ল ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অন্তৰ্গত খাতিকুছি গাঁও পঞ্চায়ত। শেহতীয়া পঞ্চায়তখন চলি থকা এম জি এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিত সীমাহীন দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি কেতবোৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি খাতিকুছি পঞ্চায়তৰ অন্তৰ্গত সোণকুৰিহা গাঁৱৰ নোনা নৈৰ মথাউৰিৰ পৰা বড়ো চুবুৰী হৈ জবৰখান আলীৰ ঘৰৰ কাষলৈ সংযোগী পথছোৱা পুন নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগ ২০১৬-১৭ বৰ্ষৰ (দ্বিতীয় কিস্ত) ৩ লাখ ৯০ হাজাৰ টকা ধাৰ্য কৰিছিল।

কিন্তু দুখৰ বিষয় যে অতি নিম্বমানৰ কাম কৰি সিংহভাগ ধন পঞ্চায়তখনৰ সচিব জৈনক কলিতা, পঞ্চায়তখনৰ সভানেত্ৰী গিৰিয়েকে প্ৰতুল আলী, কনিষ্ঠ অভিযন্তা, খণ্ড উন্নয়ন বিষয়া নিৰ্মাণ সমিতিৰ সৈতে মিলি চৰকাৰী ধন হজম কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰা বাতৰি যোৱা ২২ এপ্ৰিল 'অসম news ত সৱিস্তৰে প্ৰকাশ পোৱা পিছতে যোৱা ২৫ আগষ্টত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সম্পাদক নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ এটি দলেও উক্ত পথছোৱা পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে লগতে ৰাইজৰ সৈতে এক আলোচনা মিলিত হয়।

স্থানীয় ৰাইজে দলটোক পথছোৱা নিৰ্মাণত সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ নিৰ্মাণ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ কথা সদৰী কৰে। লগে লগে বিজেপিৰ দলটোৱে দুৰ্নীতিত আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমক অৱগত কৰিছিল।ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই উক্ত পথছোৱাৰ নিম্বমানৰ কাম কৰি চৰকাৰী ধন হজম কৰা সংশ্লিষ্ট বাহিনটোক শাস্তি প্ৰদান কৰাৰ বাবে ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰে বুলি জনায়।কথা হ'ল দুৰ্ণীতিত লিপ্ত ঘগ্ৰাপাৰ ব্লক বিডিঅ,খাতিকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰী-সচিবসহ কনিষ্ঠ অভিযন্তা গ্ৰেপ্তাৰ হ'ব নেকি? তাকলৈ সচেতন ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উদয় হৈছে। নে ধনৰ বলত কোনো দায়ী নোহোৱাকৈ শাৰী যায়। পিছে সেয়া সময়হে ক'ব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।