কাকপথাৰৰ কুমাচাং চাহ-বাগিচাৰ ওড়িয়া মূলীয় শ্ৰমিকসকলে উলহ-মালহেৰে উদযাপন কৰে "নোৱাখাই" উৎসৱ

 08/28/2020 - 13:55


কাকপথাৰঃ অসমৰ অন্যতম নিজ কলা, সংস্কৃতি, পৰম্পৰাত চহকী এটা জনগোষ্ঠী হৈছে কঠোৰ পৰিশ্ৰমী চাহ জনগোষ্ঠী৷ আৰু এই বৃহত্তৰ চাহ জনগোষ্ঠীৰ এক অংগ হৈছে ওড়িয়াসকল৷ জানিব পৰা মতে ওড়িয়া মূলীয় লোকসকল কৰ্মসূত্ৰে আহি বাস কৰিছিল অসমত৷ এই ওড়িয়া মূলীয় লোকসকলে পৰম্পৰা অনুসৰি পালন কৰি আহিছে এক বিশেষ উৎসৱ "নোৱাখাই"৷

যি দৰে অসমীয়া গাঁওসমূহত ধান দাই শেষ কৰি আঘোন মাহত নতুন চাউলেৰে ৰন্ধা "ন’ খোৱা" পৰ্ব পালন কৰে ঠিক তেনেদৰে ওড়িয়াসকলে পালন কৰে "নোৱাখাই" উৎসৱ৷ জানিব পৰা মতে গণেশ চতুৰ্থীৰ পিছৰ পৰা উড়িয়াসকলে আহোধানৰ চাউলেৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকৰণ নীতি-নিয়মেৰে আগবঢ়াই পিতৃ পুৰুষলৈ৷ ইয়াৰ সমান্তৰালকৈ ডেকা জীয়ৰী সকলে ওড়িয়া লোক নৃত্যৰে উদযাপন কৰে এই উৎসৱ৷

কাকপথাৰ কুমাচাং চাহ বাগিছাৰ কাক লাইনৰ ওড়িয়া মূলীয় লোকসকলে উলহ-মালহেৰে উদযাপন কৰিলে এই নোৱাখাই উৎসৱ৷ অসম উড়িয়া মহাসভাৰ সভাপতিয়ে জানিব দিয়া মতে প্ৰত্নতাত্বিক যুগৰে পৰা পালন কৰি আহিছে এই নুৱাখাই উৎসৱ৷

নিজৰ কলা, সংস্কৃতি, পৰম্পৰা জীয়াই ৰাখি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে মিলা-প্ৰীতি আৰু ঐক্যৰ এনাজৰী দাল ইয়াৰ জড়িয়তে অধিক মধুৰ হওক বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে৷ আধুনিকতা, যান্ত্ৰিকতাৰ মাজত হেৰাই যাবলৈ খোজা চাহ জনগোষ্ঠীৰ উড়িয়া মূলীয় লোকসকলৰ নিজ কলা, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।